কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ ৰাজ্য চৰকাৰে প্ৰতিবছৰে প্ৰদান কৰিব অসম ৰত্ন, অসম বিভূষণ, অসম ভূষণ,অসমশ্ৰী বটাঁ…

June 8, 2021 0 By Biraj Kalita

অন্ত পৰিল হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰৰ চতুৰ্থখন কেবিনেট বৈঠক।

বৈঠকত ল’লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্রতিবছৰে দিয়া হ’ব অসম ৰত্ন বঁটা।

এই বঁটাত থাকিব ৫ লাখ টকাৰ অনুদান।

লগতে ৩ জনক অসম বিভূষণ, ৫ জনক দিয়া হ’ব অসম ভূষণ সন্মান।

অসম বিভূষণ বঁটাত থাকিব নগদ ৩ লাখ টকা, অসম ভূষণ 2লাখ আৰু অসম শ্ৰীত থাকিব এক লাখ টকা।

আনহাতে ১০ জন বিশেষ ব্যক্তিলৈ আগবঢ়োৱা হ’ব অসমশ্রী সন্মান।

সাহিত্যৰ বঁটাসমূহ হোমেন বৰগোহাঞিৰ জন্মদিনত প্রদানৰ সিদ্ধান্ত।

ক্রীড়া বঁটাসমূহ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত প্রদান কৰা হ’ব।

জিলা উপায়ুক্তসকলক বানপানী সাহাৰ্যৰ বাবে সম্পূৰ্ণ কৰ্তৃত্ব।

১ এপ্রিলৰ পৰা ৩১ অক্টোবৰলৈ এই কৰ্তৃত্ব।

১২ জুলাই পৰা নতুন চৰকাৰৰ বাজেট অধিৱেশন কৰা সিদ্ধান্ত লোৱা হয় ৷

২৫ দিনীয়াকৈ হব এই অধিৱেশন।

কয়লা ছিণ্ডিকেট সন্দৰ্ভত চৰকাৰী নিৰ্দেশনা।

দীঘৰ খাল, শ্রীৰামপুৰ গেটত ওজন কৰা হ’ব কয়লা ট্রাক।

৩১ মাৰ্চ লৈকে হ’ব পৰীক্ষামূলক ভাৱে চলিব এই জোখ মাখ।

ছাগলীয়া গেটৰে কয়লা ট্রাক যাব নোৱাৰিব।

মেঘালয়ৰ পৰা অহা ট্রাকো কৰা হ’ব পৰীক্ষা।

শিল্পী বঁটাসমূহ শিল্পী দিৱসত প্রদান কৰাৰ সিদ্ধান্ত।

বৰদোৱা প্রকল্পক ৩৫ বিঘা মাটি পুনৰ আবণ্টন।

সকলো চৰকাৰী কাৰ্যালয়ত ৰাষ্ট্রপতি, গোপীনাথ বৰদলৈৰ ফটো থাকিব।