কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ গতানুগতিকভাবে পৰীক্ষা অনুষ্ঠিত কৰা সম্ভৱ নহয়…

June 16, 2021 0 By Biraj Kalita

সমাপ্ত হল ৰাজ্যিক কেবিনেটৰ বৈঠক।

স্বাস্থ্য, শিক্ষা আদিক সামৰি কেবিনেটত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

ক’ভিড পৰিস্থিতৰ মাজত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰসংগতো কেবিনেটত হৈছিল আলোচনা।

কেবিনেটৰ পৰামৰ্শ অনুসৰি গতানুগতিকভাবে অসমত পৰীক্ষা অনুষ্ঠিত কৰা সম্ভৱ নহয়।

এই ক্ষেত্ৰত শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে কয় যে স্বাস্থ্য বিভাগে এই মুহূৰ্তত পৰীক্ষা অনুষ্ঠিত নকৰাৰ পৰামৰ্শ দিছে।

কিন্ত সিদ্ধান্ত চেবা কাউঞ্চিলৰ লগত আলোচনা কৰাৰ পিছতহে হব। দল সংগঠনৰ সৈতেও ১৮ জুনত আলোচনা হ’ব আৰু তাৰ পিছতেই পৰীক্ষা সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

পৰীক্ষা অনুষ্ঠিত কৰিলে প্ৰায় ২০ লাখ লোকৰ সমাগম হ’ব। স্বাস্থ্য বিভাগে বৰ্তমানৰ পৰিস্থিতিত এই সমাগম হ’বলৈ অনুমতি প্ৰদান কৰিব নোৱাৰে।

ৰাজ্যত নতুনকৈ ৪ টা ফৰেণছিক লেব’ৰটৰী স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কেবিনেটৰ।

তেজপুৰ, বঙাইগাঁও, শিলচৰ আৰু ডিব্ৰুগড়ত স্থাপন হ’ব এই লেবৰটৰী।

ৰাজ্যত ৫ খন নতুন বিশ্ববিদ্যালয়ৰ বিধি প্ৰস্তুত।

ভট্টদেৱ, মাধৱদেৱ, সাংস্কৃতিক বিশ্ববিদ্যালয়, বীৰাংগনা, ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয়ৰ বিধি প্ৰস্তুত।

এতিয়াৰে পৰা বিশ্ববিদ্যালয় কেইখনৰ আৰম্ভ হ’ব নামভৰ্তি।

অংগনবাড়ী কেন্দ্ৰৰ লৈও বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে।

বিত্ত মন্ত্ৰী অজন্তা নেওগে কয় যে সমাজ কল্যান বিভাগৰ SNP আঁচনিৰ চাউল FCI ৰ পৰা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে।

প্ৰায় ৫০ কোটি টকা বছৰি ৰাহি হ’ব FCI ৰ পৰা চাউল কিনিলে। FCI ৰ পৰা যদিহে ৩ টকাত চাউল পোৱা যায় তেন্তে বছৰি ২০০ কোটি টকা ৰাহি হ’ব। এই বিষয়ে কেন্দ্ৰক লিখিত ভাবে জনোৱা হৈছে।

বিভাগৰ ঠিকাদাৰী প্ৰথা বিলুপ্তিৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত।