কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ কনিষ্টবলৰ পৰা SIলৈ সকলোকে পাব ১ মাহৰ বাধ্যতামূলক চুটি

June 30, 2021 0 By Biraj Kalita

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠেকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

আৰক্ষী কনিষ্টবলৰ পৰা SI বিষয়া লৈকে এমাহৰ বাধ্যতামূলক ছুটি পৰিয়ালৰ ওচৰলৈ যাবলৈ আৰু পৰিয়ালৰ লগত কোৱাটাৰত থকা বা ওচৰত থকা বিষয়া সকলক দহ দিনৰ ছুটি দিয়া হব ৷

সুলভমূল্যৰ দোকানৰ বিনামূলীয়া চাউল বিতৰণ কৰা বাবদ ব্যৱসায়ী সকলক পূৰ্বতে ১০০.১০ পইচা পাইছিল ৷ আৰু আজি কেবিনেটে ১৪৩ টকা দিয়াৰ ব্যৱস্থা কৰিছে ৷

৮৬০ খন সমবায় সমিটিলৈ পাঁচ লাখ টকাৰ মঞ্জুৰি বছৰত ফীস্ক দিয়া হব ৷

এফ চি আই সামগ্ৰী সমূহ টেন্সফৰমেচন কন্টেক্ট সমবায় সমিটিক দিয়াৰ বাবে ডি চি সকলক জনোৱা হব ৷

ঢলপুৰৰ ৭৭ হাজাৰ বিঘা মাটিত কৃষি কাৰ্য্য সুকলমে চলাই নিবৰ বাবে পদ্ম হাজৰিকাক কেবিনেট পদমৰ্যদা দিয়াৰ সিদ্ধান্ত

শিক্ষাৰ্থী অনলাইন পাঠদানৰ সুবিধা হোৱাকৈ ৰাজ্যৰ বিভিন্ন অঞ্চলত তথ্যপ্ৰযুক্তিৰ বিভাগক মোবাইল নেটৱৰ্ক স্থাপনৰ বাবে কেশৱ মহন্তক দায়িত্ব দিয়া লগতে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে ৷

চন্দ্ৰমোহন পাটোৱাৰী অতুল বৰা আৰু ৰণোজ পেগু কেবিনেটত সিদ্ধান্ত সঠিক ভাৱে ৰূপায়ণ হৈছে নে নাই সকলো কামৰ হিচাপ কেবিনেটত দিবলৈ দায়িত্ব দিয়া হয় ৷