কেমেৰাৰ সন্মুখত হুক হুকাই কান্দি উঠিল চাকৰিৰ পৰা বঞ্চিত শিক্ষকে, আত্মহত্যাৰ হুংকাৰ…
July 16, 2021৩০ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰা শিক্ষকৰ চকুত চকুলো।
কেমেৰাৰ সন্মুখত হুক হুকাই কান্দি উঠিল চাকৰিৰ পৰা বঞ্চিত শিক্ষকে।
দক্ষিণ কামৰূপৰ সোণতলীত বঞ্চিত শিক্ষকৰ সংবাদমেল।
পেটত গামোচা বান্ধি নিজৰ লৰা-ছোৱালীৰ সপোনকো পূৰণ কৰিব নোৱাৰা শিক্ষকে সংবাদমেলত কান্দি কান্দি ভাগৰি পৰাৰ দৃশ্য বন্ধী হ’ল কেমেৰাত।
সংবাদমেলৰ আয়োজন কৰিছিল হিন্দী, এৰাবিক আৰু একাংশ বঞ্চিত সহকাৰী শিক্ষক সকলে৷
চাকৰিৰ পৰা বঞ্চিত শিক্ষকসকলে নিযুক্তি পোৱাৰ আশা কৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনাইছে৷
উল্লেখ্য যে, দক্ষিণ কামৰূপৰ ছমৰীয়া আৰু বকো খণ্ড প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত এই সকল বঞ্চিত ভেঞ্চাৰ শিক্ষকে চলিত বাজেট অধিৱেশনতে তেওঁলোকৰ শিক্ষকৰ পদ প্ৰাদেশীকৰণ কৰিবলৈ অনুৰোধ জনাইছে৷
যোৱা ৫ ফেব্ৰুৱাৰীত গুৱাহাটী সৰুসজাই খেলপথাৰত তেতিয়াৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৯৭০১ জনকৈ শিক্ষকক নিযুক্তি প্ৰদান কৰিছিল যদিও বহু সংখ্যক শিক্ষক বাদ পৰাত বঞ্চিত শিক্ষকে ক্ষোভ প্ৰকাশ কৰি সংবাদমেলৰ আয়োজনত এইদৰে কেমেৰাৰ সন্মুখতে কান্দোনত ভাগি পৰে৷
আনকি এই সকল শিক্ষকৰ পদ প্ৰাদেশীকৰণ নহলে আত্মহত্যা কৰাৰো হুংকাৰ প্ৰদান কৰে বঞ্চিত শিক্ষক সকলে।