কেৰেলাৰ নাৰী দেহ ব্যৱসায় ঘাটিত অসম আৰক্ষীৰ অভিযান, উদ্ধাৰ অসমৰ ৯ গৰাকী যুৱতী…
July 17, 2021কেৰেলাৰ নাৰী দেহ ব্যৱসায় ঘাটিত অসম আৰক্ষীৰ অভিযান।
হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ আৰক্ষী বাহিনীয়ে কেৰালাৰ নাৰী দেহ ব্যৱসায়ীৰ ঘাটিত অভিযান চলাই উদ্ধাৰ কৰিছে অসমৰ কেইবাটাও জিলাৰ বহুকেইগৰাকী যুৱতীক।
অসমৰ পাঁচ জিলাৰ ৯গৰাকী যুৱতীক উদ্ধাৰ কৰিবলৈ হৈছে সক্ষম হৈছে আৰক্ষীয়ে।
অভিযানকাৰী দলে উদ্ধাৰ কৰিছে হোজাইৰ দুগৰাকী, নগাঁওৰ দুগৰাকী, মৰিগাঁওৰ তিনিগৰাকী, শোণিতপুৰ আৰু কামৰূপ গ্ৰাম্যৰ এগৰাকীকৈ যুৱতীক।
লগতে অসমৰ পৰা কেৰেলালৈ বিভিন্ন প্ৰলোভনেৰে যুৱতী নি দেহ ব্যৱসায়ত লিপ্ত কৰোৱা চক্ৰটোৰ দুই কুখ্যাত সদস্যকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অভিযানকাৰী দলটো।
ধৃত দুই সদস্য হৈছে হোজাইৰ মুফজুল হক আৰু নগাঁওৰ ৰকবুল হুছেইন।
সম্প্ৰতি আৰক্ষীয়ে ধৃত দুই সদস্যৰ ওপৰত জেৰা অব্যাহত ৰাখিছে।