কোকৰাঝাত দুই যুৱতীৰ হত্যাকাণ্ড সন্দৰ্ভত গুৰুত্বপূৰ্ণ সংবাদমেল আৰক্ষী সঞ্চালক প্ৰধানৰ…

June 16, 2021 0 By Biraj Kalita

কোকৰাঝাৰ জিলাৰ অভয়াকুটিত সংঘটিত হোৱা দুই যুৱতীৰ লোমহৰ্ষক হত্যাকাণ্ডৰ সবিশেষ তথ্য পোহৰলৈ আহিছে।

ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ সঠিক তদন্ত কৰিবলৈ আৰক্ষীক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ প্ৰদান কৰাৰ পাচতে আৰক্ষীয়ে ক্ষীপ্ৰতাৰে হত্যাকাণ্ডৰ লগত জড়িত মূল তিনি অভিযুক্তক আটক কৰাৰ লগতে আন চাৰিজন অভিযুক্তক ঘটনা সংক্ৰান্তত আটক কৰিবলৈ সক্ষম হয়৷

নাবালিকা দুগৰাকীৰ হত্যাকাণ্ডৰে জড়িত মূল অভিযুক্ত তিনিটা ক্ৰমে শালবাৰীৰ মুজাম্মেল শ্বেখ (20), নছিবুল আলী শ্বেখ (19 ) আৰু ফৰুজুল ৰহমান (22) বুলি প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মঙলবাৰে নিশা কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ঘটনা সন্দৰ্ভত এক গুৰুত্বপূ্ৰ্ণ সংবাদমেল সম্বোধন কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।

সংবাদমেলত তেওঁ কয়- ‘১১ জুনৰ আবেলিৰ ভাগত দুই নাবালিকা ভগ্নীৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা খবৰ লাভ কৰি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ দুটা উদ্ধাৰ কৰি গুৰুত্ব সহকাৰে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে।ইয়াৰ পাচতে 12 জুনত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰৰ অধ্যক্ষতাত এচআইটি দল গঠন কৰা হয় আৰু তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়ে দলটোৱে। আৰক্ষীয়ে বৰপেটাস্থিত ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতালৰ অভিজ্ঞ চিকিৎসকৰ দলৰ দ্বাৰা 12 টা বিষয়বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মৰণোত্তৰ পৰীক্ষা সম্পাদন কৰে।

আৰক্ষী সঞ্চালক প্ৰধানে জনোৱা মতে, আৰক্ষীয়ে বিশেষভাৱে ম’বাইলৰ ফোনকল লিষ্ট পৰীক্ষা কৰি তদন্ত আগবঢ়াই নিয়ে৷ প্ৰথমে 5 জন আৰু পাচত আন দুজন অভিযুক্তক আটক কৰে আৰক্ষীয়ে। ইয়াৰে তিনিজনক আৰক্ষীয়ে তথ্য প্ৰমাণৰ ভিত্তিত মূল অভিযুক্ত হিচাপে চিনাক্ত কৰে।

আৰক্ষীয়ে সদৰী কৰা মতে, মূল অভিযুক্ত তিনিজনে নিজৰ দোষ স্বীকাৰ কৰিছে৷ আন চাৰিজনে আৰক্ষীক বিপথে পৰিচালনা কৰাৰ লগতে হত্যাকাণ্ডত আওপকীয়াকৈ জড়িত আছিল বুলি উল্লেখ কৰে।

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে লগতে কয়- অভিযুক্তৰ পৰা আৰক্ষীয়ে প্লাষ্টিক পেপাৰ, নম্বৰবিহীন মটৰ চাইকেল, ম’বাইল ফোন জব্দ কৰে৷ হত্যাকাণ্ডৰ ঘটনাটো ফাষ্ট ট্ৰেক আদালতত বিচাৰৰ বাবে আবেদন জনাব বুলি সদৰী কৰিছে আৰক্ষীয়ে।

সংবাদমেলত উপস্থিত থকা বিটিআৰৰ ডিআইজিপিৰ দায়িত্বত থকা বিশেষ আৰক্ষী সঞ্চালক প্ৰধান ড৹ এল আৰ বিষ্ণই মূল অভিযুক্তৰ সৈতে নাবালিকা দুগৰাকীৰ পূৰ্বৰে পৰা সম্পৰ্ক আছিল আৰু হত্যাকাণ্ডৰ দিনা তেওঁলোকক হত্যাকাণ্ড সংঘটিত হোৱা ঠাইলৈ মাতি নিছিল। চিনাকী দলটোৰ সৈতে অইন এজনে মিলি নাবালিকা দুগৰাকীক ধৰ্ষণ কৰাৰ পাচত নাবালিকা দুগৰাকীয়ে পৰিয়াল তথা ৰাইজক সমগ্ৰ ঘটনা অৱগত কৰাৰ ভাবুকি দিছিল। ইয়াতেই ভীতিগ্ৰস্ত হৈ মূল তিনি অভিযুক্তই তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰি এই হত্যাকাণ্ড সংঘটিত কৰে।

উল্লেখ্য যে, আৰক্ষীয়ে তিনি অভিযুক্তক ঘটনাস্থলীলৈ লৈ গৈ ঘটনা কেনেদৰে সংঘটিত কৰিছিল তাৰ বিৱৰণ দিবলৈ কৈ এই বিৱৰণ কেমেৰাত বন্দী কৰিছে।