কোকৰাঝাৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে অঘটন!
January 23, 2021কোকৰাঝাৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে অঘটন।
কাইলৈ অৰ্থাৎ ৰবিবাৰে কোকৰাঝাৰত উপস্থিত হ’ব অমিত শ্বাহ।
বিটিআৰ চুক্তিৰ প্ৰথম চুক্তি দিৱস উপলক্ষে অনুষ্ঠিত হবলগীয়া সভাত অংশ ল’ব অমিত শ্বাহে।
কিন্তু অমিত শ্বাহৰ ভ্ৰমনৰ পূৰ্বে দুৰ্ষ্কৃতিকাৰীয়ে ফালিলে অমিতশ্বাহৰ আদৰণি পোষ্টাৰ।
হাগ্ৰামা মহিলাৰীৰ বাসভৱনৰ পৰা ২০০ মিটাৰ নিলগত থকা বৃহৎ বৃহৎ আদৰণি পোষ্টাৰ ফালিলে দুৰ্ষ্কৃতিকাৰীয়ে।
এই বিষয়ক লৈ প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- ‘কিছু চক্ৰই সদায়েই এই কাম কৰি আহিছে। যি গৃহমন্ত্ৰীৰ নেতৃত্বত শান্তি চুক্তি স্বাক্ষৰ হয়, তেওঁক আদৰণি জনোৱাৰ সলনি পোষ্টাৰ ফালি দিয়াৰ মানসিকতা সকলোৱে জানে। দাদাগিৰি সহ্য কৰা নহব। অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিলে সুদাই এৰা নহ’ব।’