কোকৰাঝাৰৰ দুই যুৱতীৰ মৃত্যুৰ ৰহস্য ফাদিল, ধৰ্ষণ কৰি হত্যা কৰা হৈছিল দুই যুৱতীক….
June 15, 2021কোকৰাঝাৰৰ দুই যুৱতীৰ মৃত্যুৰ আঁৰৰ ৰহস্য ফাদিল।
ধৰ্ষণ কৰি হত্যা কৰা হৈছিল দুই যুৱতীক।
যোৱা ১১ জুনত কোকৰাঝাৰ থানাৰ অভয়াকুটিত সংঘটিত হোৱা ভয়ংকৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰি কৰিছে এই কথা।
The rape and murder of two minor tribal Girls have been been solved. @lrbishnoiassam , IGP,BTR called me to inform about the outcome of the investigation. I have visited their residence on Sunday. Feeling extremely a sense of satisfaction that the Culprits have been identified
— Himanta Biswa Sarma (@himantabiswa) June 14, 2021
এই সন্দৰ্ভত BTRৰ IGP ড° এল আৰ বিষ্ণইয়ে তেওঁক জনোৱা বুলি টুইটযোগে সদৰি কৰিছে।
উল্লেখ্য যে দুই সম্পৰ্কীয় ভগ্নীৰ একেডাল গছতে চিপ লোৱা অৱস্থাৰ পৰা মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
ঘটনাস্থলীত যোৱা ১৩ জুনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ অতি শীঘ্ৰে প্ৰকৃত ৰহস্য ফাদিল কৰিবলৈ আৰক্ষীক নিৰ্দেশনা দিছিল।
ইতিমধ্যে চিনাক্ত কৰা হৈছে ঘটনাৰ সৈতে জড়িত অপৰাধাক।
কোকৰাঝাৰ আৰক্ষীয়ে ইতিমধ্যে ৭ টাকৈ অভিযুক্ত অপৰাধীক গ্ৰেপ্তাৰ কৰিছে।
লগতে চাওকঃ