কোকৰাঝাৰ ধৰ্ষণ কাণ্ডঃ আৰক্ষীৰ হাতৰ পৰা পলাব চেষ্টা কৰোতেই গুলীবদ্ধ এজন অভিযুক্ত…

June 17, 2021 0 By Biraj Kalita

কোকৰাঝাৰৰ দুই ভগ্নীৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ সৈতে জড়িত অন্যতম অভিযুক্ত ফৰিজুল ৰহমান আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছে।

জানিব পৰা মতে, অভিযুক্ত ফৰিজুলে পলোৱাৰ চেষ্টা কৰাত আৰক্ষীয়ে অভিযুক্ত ফৰিজুল ৰহমানক লক্ষ্য কৰি গুলী চলায়।

বুধবাৰে নিশা কোকৰাঝাৰ আৰক্ষীৰ এটা দলে অভয়াকুটিৰ সেই ঘটনাস্থললৈ অভিযুক্ত তিনিজনক লৈ তদন্তৰ বাবে গৈছিল।

তদন্ত অব্যাহত থকাৰ সময়তে ফৰিজুল ৰহমানে পলাব চেষ্টা কৰে। লগে লগে আৰক্ষীয়ে তেওঁক লক্ষ্য কৰি গুলী চলোৱাত ভৰিত আঘাত পায়।

সম্প্ৰতি গুলীবিদ্ধ ফৰিজুলক বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।

উল্লেখ্য যে, উক্ত ঘটনাটো ধৰ্ষণ আৰ হত্যা বুলি নিশ্চিত হোৱাৰ পিছতে আৰক্ষীয়ে তিনিজন লোককো গ্ৰেপ্তাৰ কৰে।