কোটি টকা মূল্যৰ গাঞ্জাসহ ট্ৰাক জব্দ, আটক ২

August 4, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অসমৰ মাজেৰে বহিঃৰাজ্যলৈ নিয়াৰ পথত পুনৰ জব্দ হ’ল বৃহৎ পৰিমাণৰ গাঞ্জা।

পিবি ০৮ ডিএছ ৬১৭৮ নম্বৰৰ এখন মালবাহী ট্ৰাকৰ পৰা জব্দ কৰা উক্ত গাঞ্জাখিনিৰ মূল্য প্ৰায় কােটি টকা।

জানিব পৰা মতে, অসম-পশ্চিম বংগৰ সীমান্তৱৰ্তী গোসাইগাঁও মহকুমাৰ অন্তৰ্গত শ্ৰীৰামপুৰত আৰক্ষীয়ে অভিযান চলাই এখন ট্ৰাকত গোপনে সৰবৰাহ কৰা ৬২২ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে।

ঘটনাস্থলীৰ পৰা গাড়ীখনৰ চালক পলাই যাবলৈ সক্ষম হয় যদিও দুজন সহায়কক আটক কৰে অভিযানকাৰী আৰক্ষীৰ দলে।

ইয়াৰে আটকাধীন হেণ্ডিমেন দুজন ক্ৰমে কলকাতা নিৱাসী প্ৰীতম সিং (২৫) আৰু তাপস অধিকাৰী (৩০)।

কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুৱে জনােৱা মতে, এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত গুৱাহাটীৰ দিশৰ পৰা পশ্চিম বংগ অভিমুখী এখন ট্ৰাকত পুৱতি নিশা চাৰিমান বজাত আৰক্ষীয়ে তালাচী চলায়।

পাছত চালকৰ পিছফালে থকা গোপন চেম্বাৰত লুকুৱাই থোৱা ৬১টা পেকেটত গাঞ্জাখিনি জব্দ কৰে।