ক্ৰমাত সুস্থ হৈ উঠিছে কাছাৰৰ গুলীবিদ্ধ SP বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰ…
July 30, 2021ক্ৰমাত সুস্থ হৈ উঠিছে অসম-মিজোৰাম সীমান্তৰ সংঘৰ্ষত আঘাতপ্ৰাপ্ত কাছাৰৰ আৰক্ষী অধীক্ষক বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰ।
অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষীয়ে দুৰ্বৃত্তৰ সহায়ত কৰা গুলীচালনাত গুৰুত্বৰ ভাৱে আঘাট প্ৰাপ্ত হৈছিল বৈভৱ নিম্বলকাৰে।
তেওঁৰ উৰুত চাৰিটাকৈ গুলী লগাৰ তথ্য পোহৰলৈ আহিছিল।
শিলছৰ মেডিকেল কলেজৰ পৰা উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ এয়াৰ লিফ্ট কৰা হৈছিল আই পি এছ বিষয়াগৰাকীক।
মুম্বাইৰ কোকিলাবেন আম্বানী হস্পিটেলত নিম্বলকাৰক ভৰ্তি কৰোৱাৰ পাছতে চিকিৎসকে তেওঁৰ শৰীৰৰ পৰা অস্ত্ৰোপচাৰৰ জৰিয়তে গুলি বাহিৰ কৰে।
শেহতীয়াকৈ তেওঁ চিকিৎসালয়ৰ বিচনাত হাঁহি মুখে থকা এক ফটো ভাইৰেল হৈ পৰিছে।
সামাজিক মাধ্যমত তেওঁৰ এই ফটো আপলোড কৰি বহু জনে তেওঁৰ দ্ৰুত আৰোগ্য কামনা কৰিছে।
God bless him. https://t.co/ZVGFI3TSPh
— GP Singh (@gpsinghips) July 29, 2021
উল্লেখযোগ্য যে, ২৬ জুলাইত বিবাদমান অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষীৰ বৰ্বৰ গুলিচালনাত ছয় গৰাকীকলৈ অসম আৰক্ষীৰ জোৱান শ্বহীদ হয়।