ক্ৰমাৎ সুস্থ হৈছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, সামান্য সুস্থ হৈয়েই পিতৃৰ কাষত মহন্ত…
June 11, 2021ক্ৰমাৎ সুস্থ হৈছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।
শৰীৰত অক্সিজেনৰ পৰিমাণ হ্ৰাস পাই দুৰ্বল হৈ পৰিছিল যদিও শেহতীয়াভাৱে অক্সিজেন লেভেল সুস্থিৰ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ।
গুৱাহাটীৰ ডাউন টাউন হস্পিতালত চিকিৎসাধীন হৈ থকা মহন্তই দেওবাৰে চিকিৎসালয়ৰ পৰা ৰিলিজ লৈ দিশপুৰৰ চৰকাৰী আৱাসগৃহতে জিৰণি লয়।
কেইদিনমান জিৰণিৰ পিছতেই কলিয়াবৰৰ নিজ বাসগৃহলৈ গৈ পিতৃৰ কাষত উপস্থিত হয় মহন্ত।
৯৮ বছৰীয়া সত্ৰাধিকাৰ পিতৃ দেৱকান্ত মহন্তৰ লগতে পৰিয়ালৰ লোকক সাক্ষাৎ কৰে।
পিতৃ দেৱকান্ত মহন্তৰ আশীৰ্বাদ লয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।
উল্লেখ্য যে, পিতৃ দেৱকান্ত মহন্ত হ’ল কলিয়াবৰৰ ৰূপনাৰায়ণ খামুচিয়া সত্ৰৰ সত্ৰাধিকাৰ।