কয়লা ব্যৱসায়ীক ধন দাবীৰ অভিযোগ, ASP বিৰুদ্ধে গোচৰ ৰুজু কৰিলে OCয়ে…
June 26, 2021এইবাৰ আৰক্ষীৰ বিষয়াৰ বিৰুদ্ধে স্বয়ং আৰক্ষীয়ে দাখিল কৰিলে এজাহাৰ।
বঙাইগাঁৱৰ ASP পংকজ কাকতিৰ বিৰুদ্ধে গোচৰ ৰুজু।
যোগীঘোপাৰ OC ৰাতুল দেউৰীৰ গোচৰ ৰুজু কৰিছে ASP পংকজ কাকতিৰ বিৰুদ্ধে।
বঙাইগাঁও থানাত গোচৰ ৰুজু কৰিলে যোগীঘোপা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই।
কয়লা ব্যৱসায়ীক ধন দাবী কৰাৰ অভিযোগ ASP গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে।
এজাহাৰৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে ৫৪৭/২১ নম্বৰত বঙাইগাঁও সদৰ থানাত এটা গোচৰ পঞ্জীয়ন হৈছে।
ভাৰতীয় দণ্ডবিধি আইনৰ অধিনত ৫১১ আৰু ৩৮৪ ধাৰাত গোচৰ ৰুজু হৈছে।
উল্লেখ্য যে, চোৰাং ব্যৱসায়ীৰে ASP পংকজ কাকতিৰ কথোপকথন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।
ইতিমধ্যে হেডকোৱাৰ্টাৰ ক্ল’জ কৰা হৈছে ASP পংকজ কাকতিক।