কৰ’ণাই প্ৰাণ লোৱা ডঃ আলোকেশ বৰুৱাৰ বিয়োগত অসম জাতীয় পৰিষদৰ গভীৰ শোক প্ৰকাশ…

April 27, 2021 0 By Biraj Kalita

কৰ’ণাই প্ৰাণ লোৱা ডঃ আলোকেশ বৰুৱাৰ বিয়োগত অসম জাতীয় পৰিষদৰ গভীৰ শোক প্ৰকাশ।

অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য তথা দলৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী, অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী পুলকেশ বৰুৱাৰ ভাতৃ ডঃ আলোকেশ বৰুৱাৰ অকাল মৃত্যুত অসম জাতীয় পৰিষদে গভীৰ শোক ব্যক্তি কৰিছে৷

দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ডঃ বৰুৱা দুদিন আগত কোভিড ৰোগত আক্ৰান্ত হৈছিল যদিও দেশৰ ৰাজধানী চহৰখনৰ কোনো এখন চিকিৎসালয়ত আসন নাপাই অৱশেষত মৃত্যুক আকোৱালি লয়।

অসম জাতীয় পৰিষদৰ সভাপতি শ্ৰী লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক শ্ৰী জগদীশ ভূঞাই ডঃ আলোকেশ বৰুৱাৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰাৰ লগতে দলীয় সতীৰ্থ পুলকেশ বৰুৱাসহ মৃতকৰ পৰিয়ালৰ সকলো সদস্যৰ প্ৰতি সমবেদনা ব্যক্তি কৰে৷

ডঃ আলোকেশ বৰুৱা এগৰাকী কৃতী অসম সন্তান আছিল আৰু তেখেতৰ মৃত্যু অসম কথা দেশৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে জাতীয় পৰিষদৰ নেতৃত্বই