কৰ’ণাকালত ৰাইজে ইমিউনিটী বঢ়াবলৈ বেছিকৈ কণী খাইছে, সেয়ে বাঢ়িছে কণীৰ দামঃ ৰঞ্জিত দাস…
May 27, 2021ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।
সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।
কৰ’ণাৰ এই ভয়াৱহ পৰিস্থিতিৰ মাজতে ৰাইজক জ্বলাকলা খুৱাইছে মূল্যবৃদ্ধিয়ে।
কিয়নো প্ৰায় প্ৰতিবিধ সামগ্ৰীৰে ব্যাপক হাৰত বৃদ্ধি হৈছে মূল্য।
এই ক্ষেত্ৰত যেন সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ।
কিন্তু ইয়াৰ মাজতে কণীৰ মূল্যবৃদ্ধিক লৈ ৰাজ্য চৰকাৰৰ যোগান মন্ত্ৰী ৰঞ্জিত দাসে কৰিছে এক অদ্ভুৎ মন্তব্য।
তেওঁ কয় যে, ‘কৰ’ণাৰ সময়চোৱাত ইমিউনিটী বঢ়াবলৈ ৰাইজে বেছিকৈ কণী খাইছে। বন্ধৰ বাবে কণীৰ আমদানি হোৱা নাই কিন্তু ৰাইজে কণী বেছকৈ খাইছে। সেয়ে কণীৰ মূল্যবৃদ্ধি হৈছে।’
বৃহস্পতিবাৰে বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইৰ বাসগৃহত উপস্থিত হৈ এনেদৰে কয় ৰঞ্জিত দাসে।