কৰ’ণাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমত নতুন নীতি-নিৰ্দেশনা প্ৰকাশ!
December 25, 2020কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমত নতুন নীতি-নিৰ্দেশনা প্ৰকাশ।
২৪ ডিচেম্বৰৰ পৰা ১ জানুৱাৰীলৈ বিশেষ নিৰ্দেশনা প্ৰদান কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা।
প্ৰশাসনে প্ৰকাশ কৰা ২ পৃষ্ঠাজোৰা নতুন নীতি নিৰ্দেশনা সমূহৰ ক্ষেত্ৰত এইসময়চোৱাত কোনো স্থানত ৫০ জনৰ অধিক লোক একেলগে সমৱেত হোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে।
ৰাজহুৱা স্থানতে (প্ৰেক্ষাগৃহ সদৃশ) হওঁক বা ব্যক্তিগত স্থানতে হওঁক কোনো অনুষ্ঠানত নিৰ্দিষ্ট ঠাইৰ তুলনাত ৫০ শতাংশহে লোক উপস্থিত থকাৰ নিৰ্দেশ।
ধৰ্মীয় অনুষ্ঠানজাতীয় সকলো অনুষ্ঠান ঘৰতে অনুষ্ঠিত কৰাৰ আহ্বান।
ৰাজহুৱা অনুষ্ঠানত চেনিটাইজাৰ, মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
ইয়াৰ লগতে মুকলি স্থানত আয়োজিত অনুষ্ঠানৰ ক্ষেত্ৰতো সামাজিক দূৰত্ব মানি চলিবলৈ নিৰ্দেশ ৰাজ্য প্ৰশাসনৰ।