কৰ’ণাত আক্রান্ত চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন, কেইদিনমান পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল বিধায়কগৰাকী…

June 3, 2021 0 By Biraj Kalita

ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ সংহাৰ।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

এইবাৰ কৰ’ণাত আক্ৰান্ত হৈছে চেঙা সমষ্টিৰ নৱ নিৰ্বাচিত তথা বিধানসভাৰ কনিষ্ঠতম বিধায়ক আশ্ৰাফুল হুছেইন।

বিধায়কগৰাকী বৰ্তমান হোম আইছ’লেশ্যনত আছে৷

সদ্য সমাপ্ত বিধানসভাৰ নিৰ্বাচনত চেঙা সমষ্টিৰ পৰা এআইইউডিএফৰ প্ৰাৰ্থী হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল হুছেইন।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল বিধায়কগৰাকী।

২৭ মে তাৰিখে কোনো ধৰণৰ অনুষ্ঠানৰ আয়োজন নকৰাকৈ যুগ্ম জীৱনৰ আৰম্ভ কৰিছিল বিধায়কগৰাকীয়ে।