কৰ’ণাত আক্ৰান্ত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা…
May 27, 2021কৰ’ণাত আক্ৰান্ত জ্যেষ্ঠ অগপ নেতা, প্ৰাক্তন মন্ত্ৰী তথা আমগুৰি বিধানসভা সমষ্টিৰ অগপ দলৰ বিধায়ক প্ৰদীপ হাজৰিকা৷
বৰ্তমান বিধায়কগৰাকীক শিৱসাগৰ নগৰস্থিত আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে৷
অবশ্যে বিধায়ক গৰাকীৰ দেহত বৰ্তমানলৈকে নাই ক’ভিডৰ কোনো লক্ষণ৷
ইফালে বিধায়ক প্ৰদীপ হাজৰিকাৰ আটাইকেইজন দেহৰক্ষীৰ ক’ভিড পৰীক্ষা কৰা হৈছে আৰু আটাইকেইজনৰে ক’ভিড ফলাফল নিগেটিভ বুলি জানিব পৰা গৈছে ৷