কৰ’ণাত আক্ৰান্ত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজু

April 18, 2021 0 By Biraj Kalita

কৰ’ণাত আক্ৰান্ত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজু।

৪৯ বছৰীয়া অৰুণাচল প্ৰদেশৰ ৰাজনীতিকগৰাকী কোভিডত আক্ৰান্ত হোৱাৰ কথা টুইটাৰত প্ৰকাশ কৰিছে।

শনিবাৰে কৰা কোভিড পৰীক্ষাত তেওঁৰ ৰিজাল্ট আহিছে পজিটিভ।

মন্ত্ৰীগৰাকী বৰ্তমান ডাক্তৰৰ পৰামৰ্শমতে হোম কোৱাৰেন্টাইনত আছে।

মন্ত্ৰীগৰাকীয়ে টুইটাৰত এইবুলি উল্লেখ কৰিছে যে কোভিডত আক্ৰান্ত হ’লেও তেওঁ বৰ্তমান সম্পূৰ্ণ সুস্থ হৈ আছে।

ৰিজিজুৱে টুইটাৰত উল্লেখ কৰিছে- মই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি আছো আৰু সেই মতে চলি আছো।মোৰ সংস্পৰ্শলৈ যিলোক আহিছে তেওঁলোকেও যেন কোভিডৰ পৰীক্ষা কৰোৱাই লয়’।