কৰ’ণাত আক্ৰান্ত চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ…

June 5, 2021 0 By Biraj Kalita

ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ সংহাৰ।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

দুদিনমান পৰ্বে কৰ’ণাত আক্ৰান্ত হৈছিল চেঙা সমষ্টিৰ নৱ নিৰ্বাচিত তথা বিধানসভাৰ কনিষ্ঠতম বিধায়ক আশ্ৰাফুল হুছেইন।

বিধায়কগৰাকী প্ৰথমে হোম আইছ’লেশ্যনত আছিল।

কিন্তু স্বাস্থ্যৰ অৱনতি ঘটাত শনিবাৰে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় বিধায়কগৰাকীক।

সদ্য সমাপ্ত বিধানসভাৰ নিৰ্বাচনত চেঙা সমষ্টিৰ পৰা এআইইউডিএফৰ প্ৰাৰ্থী হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল হুছেইন।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল বিধায়কগৰাকী।

২৭ মে তাৰিখে কোনো ধৰণৰ অনুষ্ঠানৰ আয়োজন নকৰাকৈ যুগ্ম জীৱনৰ আৰম্ভ কৰিছিল বিধায়কগৰাকীয়ে।