কৰ’ণাত আক্ৰান্ত দক্ষিণ কৰিমগঞ্জৰ বিধায়ক ছিদ্দিক আহমেদ

June 12, 2021 0 By Biraj Kalita

ক’ভিড-১৯ ত আক্ৰান্ত দক্ষিণ কৰিমগঞ্জৰ কংগ্ৰেছ বিধায়ক ছিদ্দক আহমেদ চৌধুৰী।

শাৰিৰীক অসুস্থতাৰ বাবে আহমেদক বৃহস্পতিবাৰে শিলচৰ গ্ৰীণ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

তাৰ পিছতে বিধায়ক গৰাকী ক’ভিডত আক্ৰান্ত হোৱা বুলি জানিব পৰা যায়।

বিধায়ক গৰাকীয়ে নিজেই এই কথা প্ৰকাশ কৰি তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক আইছ’লেট হ’বলৈ লগতে টেষ্ট কৰিবলৈও আহ্বান জনায়।

উল্লেখ্যে যে  বৃহস্পতিবাৰে বিধায়ক গৰাকীয়ে শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধা হোৱাৰ বাবেই পৰিয়ালৰ লোকে তেওঁক হাস্পতালত ভৰ্তি কৰোৱায়।

অৱশ্যে প্ৰথমে কৰা ৰেপিড এন্টিজেন টেষ্টত তেওঁৰ ৰিপ’ৰ্ট নিগেটিভ আহিছিল।