কৰ’ণাত আক্ৰান্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা…

May 29, 2021 0 By Biraj Kalita

ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ সংহাৰ।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা।

কৰ’ণাত আক্ৰান্ত হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা।

সম্প্ৰতি ৰিপুন বৰাক GMCHত ভৰ্তি কৰা হৈছে।

টুইটাৰযোগে নিজেই এই কথা সদৰি কৰিছে বৰাই।

লগতে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে ক’ভিডৰ পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে।