কৰ’ণাত আক্ৰান্ত প্ৰাক্তন সাংসদ ৰমেন ডেকা, আই.চি.ইউত ভৰ্তি…

April 29, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

কৰ’ণাত আক্ৰান্ত প্ৰাক্তন লোকসভাৰ সাংসদ তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰমেন ডেকা।

ইয়াৰ পাছতে ৰমেন ডেকাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা মতে ৰমেন ডেকাৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ।

খবৰ অনুসৰি তেওঁৰ পত্নীও আক্ৰান্ত হৈছে কোভিড-১৯ত।