কৰ’ণাত আক্ৰান্ত বিশিষ্ট লেখক তথা অভিনেতা দিলীপ কুমাৰ হাজৰিকা, চিকিৎসালয়ত ভৰ্তি…
May 28, 2021কৰ’ণাত আক্ৰান্ত বিশিষ্ট লেখক তথা অভিনেতা দিলীপ কুমাৰ হাজৰিকা।
মহানগৰীৰ গেট হাস্পতালত চিকিৎসাধীন হৈ আছে হাজৰিকা।
৪ দিনৰ পূৰ্বে চিকিৎসালত ভৰ্তি কৰোৱা হাজৰিকাৰ স্বাস্থ্য বৰ্তমান সংকটমুক্ত।
তেওঁৰ পত্নীয়েও ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।
৮০ৰ উৰ্ধৰ দিলীপ হাজৰিকা অসমীয়া সাহিত্য-সাংস্কৃতিক ক্ষেত্ৰখনৰ এক উল্লেখযোগ্য নাম। আইনজীৱি হিচাপেও বিশেষ পৰিচয় আছিল দিলীপ হাজৰিকাৰ।
শেহতীয়াকৈ দিলীপ হাজৰিকাৰ ‘অফৰুন্ত কথাবোৰ’ শীৰ্ষক এক গ্ৰন্থ প্ৰকাশ পাইছিল। সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনত তেওঁ অন্যতম প্ৰতিষ্ঠিত ব্যক্তি।
সুধাকন্ঠ ভূপেন হাজৰিকাৰ সৈতেও দিলীপ হাজৰিকাৰ আছিল সুসম্পৰ্ক।
এইগৰাকী বিশিষ্ট সাহিত্যিক, অভিনেতা তথা সাংস্কৃতিক সাধকৰ আশুআৰোগ্য কামনা কৰিছে গুণমুগ্ধই।
লগতে চাওকঃ