কৰ’ণাত আক্ৰান্ত বিশিষ্ট চিন্তাবিদ তথা সাহিত্যিক হোমেন বৰগোহাঁঞি

April 24, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

কৰ’ণাত আক্ৰান্ত হৈছে বিশিষ্ট চিন্তাবিদ তথা সাহিত্যিক হোমেন বৰগোহাঁঞি।

জি এম চি এইচত ভৰ্তি কৰা হৈছে বিশিষ্ট সাহিত্যিক গৰাকীক।

শেহতীয়াকৈ কৰা কৰ’ণা টেষ্টত তেখেতৰ ৰিজাল্ট আহিছিল পজিটিভ।

তেওঁৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে।