কৰ’ণাত আক্ৰান্ত শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণুকমল বৰা…

April 22, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

মাৰাত্মক কৰ’ণাত আক্ৰান্ত শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণুকমল বৰা।

লগতে তেওঁৰ মাতৃৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি।

বৰ্তমান দুয়োকে হোম আইছ’লেশ্যনত ৰখা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, শিৱসাগৰ জিলা উপায়ুক্তই ক’ৰনা ভেকচিনৰ দুটা ড’জ লোৱা বুলিও জানিব পৰা গৈছে।

ভেকচিন লোৱাৰ পিছতো উপায়ুক্ত গৰাকী কোভিডত আক্ৰান্ত হোৱাত আতংকিত হৈ পৰিছে শিৱসাগৰবাসী।

বৰ্তমানলৈকে জিলাখনত প্ৰায় ১৪২ গৰাকী ব্যক্তি কোভিড পজিটিভত বুলি চিনাক্ত কৰা হৈছে।