কৰ’ণাত আক্ৰান্ত হৈ পুনৰ বহিঃৰাজ্যত প্ৰাণ হেৰুৱালে অসমৰ যুৱকে

May 3, 2021 0 By Biraj Kalita

দেশজুৰি অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

পুনৰ বহিঃৰাজ্যত প্ৰাণ হেৰুৱালে অসমৰ যুৱকে।

কৰ’ণাত আক্ৰান্ত হৈ  বাংগালোৰত প্ৰাণ হেৰুৱালে অসমৰ যুৱক অঞ্জন বৰুৱাই।

বাংগালোৰৰ চোম্মেৎহালি নামৰ ঠাইত পত্নী চিল্পা সহ বিগত ১৫ বছৰে বসবাস কৰি আহিছিল যুৱকজনে।

বোকাখাতৰ সেউজীপাৰৰ যুৱক অঞ্জন বৰুৱাৰ ২৮ এপ্ৰিলত শৰীৰত ধৰা পৰিছিল ক’ভিড পজিটিভ।

বাংগালোৰ ৰ “Scop Interationel” নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত যুৱক জনৰ আজি পুৱা ক’ভিড আক্ৰান্ত হৈ মৃত্যু হয়।

লগতে চাওকঃ

উদীয়মান গীতিকাৰ-সুৰকাৰ চন্দন কাকতিৰ মৃত্যু, বিধায়কসহ বিভিন্ন দল-সংগঠনৰ শোক

শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে প্ৰাণ হেৰুৱালে দীপাংক ৰাভা আৰু পল্লৱ ৰাভাই…