কৰ’ণাত আক্ৰান্ত হৈ প্ৰাণ গ’ল প্ৰাক্তন ছাত্ৰ নেতা ফ্ৰান্সিচ তপ্নৰ, আছুৰ শোক প্ৰকাশ…
July 13, 2021কৰ’ণাত আক্ৰান্ত হৈ প্ৰাণ গ’ল প্ৰাক্তন ছাত্ৰ নেতা ফ্ৰান্সিচ তপ্নৰ।
আজি পুৱা ৩৫ বছৰ বয়সত অকাল মৃত্যুক সাৱটি লয় বৰহোলা গড়াজানৰ ফ্ৰান্সিচ তপ্নই।
ক’ভিড প’জিতিভ হৈ স্বাস্থ্যৰ গুৰুত্বৰভাৱে অৱনতি ঘটাত ফ্ৰান্সিচ তপ্নক যোৱা শুক্ৰবাৰে উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল।
কিন্তু আজি পুৱা ৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
উল্লেখ্য যে এসময়ত বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক, উপদেষ্টা আৰু পৰৱৰ্তী সময়ত অসম সেনাৰ বৰহোলাৰ প্ৰতিনিধি হিচাপে ফ্ৰান্সিচ তপ্নই সমাজ জীৱনৰ সৈতে জড়িত হৈ পৰিছিল।
ফ্ৰান্সিছ তপ্নৰ মৃত্যুত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক জুল খাউণ্ড, সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈ, সম্পাদক দ্বীপ দত্ত, তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মাধুৰ্য পাঠক, সম্পাদক সৌৰভ কলিতাই গভীৰ শোক প্ৰকাশ কৰিছে।
তপ্নৰ মৃত্যুৰ শোকত বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ ৰক্তিম পতাকা তিনিদিনলৈ অৰ্ধনমিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।