কৰ’ণাত আক্ৰান্ত হৈ বলিউদৰ সংগীত পৰিচালক শ্ৰৱণ ৰাথোড়ৰ মৃত্যু…

April 23, 2021 0 By Biraj Kalita

দেশজুৰি চলিছে কৰ’ণাৰ বিভিষিকা।

প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈছে কৰ’ণা আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

ইতিমধ্যে কৰ’ণাই প্ৰাণ লৈছে বহু সাধাৰণ জনতাৰ লগতে বহু বিশিষ্ট ব্যক্তিৰ।

বলিউদৰ সংগীত পৰিচালক শ্ৰৱণ ৰাথোড়ৰ কৰ’ণা আক্ৰান্ত হৈ মৃত্যু।

বৃহস্পতিবাৰে নিশা মুম্বাইৰ এখন চিকিৎসালয়ত মৃত্যু হয় সংগীত পৰিচালক গৰাকীৰ।

ক’ভিড ধৰা পৰাৰ পিছতে মুম্বাইৰ এছ.এল. ৰহেজা চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল সংগীত পৰিচালক গৰাকীক।

আশ্যিকী, দিল হ্যে কি মানতা নেহী, ছাজন, পৰদেশ আদি বলীউদৰ বহু জনপ্ৰিয় গীতৰ পৰিচালনা কৰিছিল ৰাথোড়ে।