কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু কোচ ৰাজবংশী নেতা বিপিন বৰ্মনৰ…

June 3, 2021 0 By Biraj Kalita

ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ সংহাৰ।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

কৰ’ণাত আক্ৰান্ত হৈ কোকৰাঝাৰত পুনৰ মৃ্ত্যু এজনৰ।

জিলাখনৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী, ইতিহাসবিদ তথা বাঁওপন্থী নেতা বিপিন বৰ্মনৰ বুধবাৰে মৃত্যু হয়।

মৃত্যু ৰ সময়ত তেখেতৰ বয়স আছিল ৮০ বছৰ।

উল্লেখ্য যে, বিপিন বৰ্মন ক’ভিডত আক্ৰান্ত হোৱাত তেওঁক কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ ক’ভিড চেণ্টাৰত ভৰ্তি কৰোৱা হৈছিল।

চিকিৎসাৰ অন্তত সুস্থ হোৱাত মঙলবাৰে বিয়লিৰ ভাগত তেওঁক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল।

কিন্তু বিপিন বৰ্মন পুনৰ অসুস্থ হৈ পৰাত ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

কোকৰাঝাৰ জিলাৰ হালুৱাদলত জন্মগ্ৰহণ কৰা বিপিন বৰ্মন কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী লগতে কোচ-ৰাজবংশী সন্মিলনীৰ মুখ্য উপদেষ্টা আৰু বিভিন্ন সমাজ সংগঠনৰ লগত জড়িত থকাৰ উপৰিও এগৰাকী ইতিহাসবিদ হিচাপে পৰিচিত আছিল।

কোচ-ৰাজবংশী জনগোষ্ঠীৰ পুৰোধা নেতা বিপিন বৰ্মনৰ মৃত্যুত বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে।