কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু চলচ্চিত্ৰ পৰিচালক শম্ভু গুপ্তৰ! মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ…

May 17, 2021 0 By Biraj Kalita

কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু চলচ্চিত্ৰ পৰিচালক শম্ভু গুপ্তৰ।

দেওবাৰে নিশা ১০-৪৫ বজাত মৃত্যু হয় চলচ্চিত্ৰ পৰিচালক গৰাকীৰ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চলচ্চিত্ৰ পৰিচালক গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ।

কৰ’ণাত আক্ৰান্ত হোৱাৰ পিছত যোৱা ৮ মে’ত তেওঁক প্ৰথমতে এপ’ল’ হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ অৱনতি ঘটাত ১০ মে’ত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল।

অসমীয়া চলচ্চিত্ৰ ‘দেৱী’ আৰু ‘প্ৰেম আৰু প্ৰেম’ পৰিচালনা কৰিছিল চলচ্চিত্ৰ পৰিচালক গৰাকীয়ে।

চলচ্চিত্ৰ পৰিচালকগৰাকীৰ মৃত্যুত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে। পৰিচালক গুপ্তাৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগতত এক অপূৰণীয় শূণ্যতাৰ সৃষ্টি হ’ল বুলি মন্তব্য কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

জানিব পৰা মতে, তেওঁৰ পুত্ৰ নিলয় গুপ্তা আৰু কন্যা পূবালী গুপ্তাও কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।