কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু বিধায়ক প্ৰদীপ হাজৰিকাৰ ব্যক্তিগত গাড়ীচালকৰ…
June 2, 2021ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ সংহাৰ।
সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।
এইবাৰ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ ব্যক্তিগত গাড়ীচালকৰ।
বুধবাৰে মৃত্যু হয় বিজয় কৃষ্ণ গগৈ ওৰফে কানু নামৰ ব্যক্তিগত গাড়ীচালকগৰাকীৰ।
উল্লেখ্য যে, বিগত প্ৰায় ৭ বছৰ ধৰি বিধায়ক প্ৰদীপ হাজৰিকাৰ ব্যক্তিগত গাড়ীচালক হিচাপে আছিল কানু।
কৰ’ণাত আক্ৰান্ত হৈ কানু জয়সাগৰ চিভিল হাস্পতালত চিকিৎসাধীন হৈ আছিল।
পৰৱৰ্তী সময়ত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল যদিও অৱশেষত কৰ’ণাৰ ওচৰত হাৰ মানিলে বিজয় কৃষ্ণ গগৈ ওৰফে কানুৱে।
লগতে চাওকঃ