কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু মণিপুৰ বিজেপিৰ সভাপতি এছ টিকেন্দ্ৰ সিঙৰ…

May 14, 2021 0 By Biraj Kalita

দেশজুৰি অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

অসমৰ লগতে উত্তৰ পূবৰ ৰাজ্য সমূহতো কৰ’ণাই ধাৰণ কৰিছে ভয়াৱহ ৰূপ।

প্ৰতিদিনে বৃদ্ধি হৈছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

এইবাৰ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে মণিপুৰ বিজেপিৰ সভাপতি এছ টিকেন্দ্ৰ সিঙৰ।

৬৯ বছৰত মৃ্ত্যু হয় মণিপুৰৰ বিজেপি সভাপতিগৰাকীৰ।

ইম্ফলৰ এখন চিকিৎসালয়ত কভিড-১৯ৰ চিকিৎসাধীন হৈ আছিল তেওঁ।

তেওঁ ২৭ এপ্ৰিলত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছিল।

সিঙক ২০২০ চনৰ জুন মাহত বিজেপি মণিপুৰ গোটৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল।

মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে মৃত্যুৰ কথা জানিব দি কৰা টুইটত কয়, ‍‘বিজেপি মণিপুৰৰ সভাপতি অধ্যাপক এছ টিকেন সিঙৰ মাত্ৰ অলপ আগতে মৃত্যু হোৱা বুলি জানি মই অবাক হৈ পৰিছো । আমি মণিপুৰত বিজেপিৰ এজন শক্তিশালী ব্যক্তিক হেৰুৱাইছো যিয়ে জনসাধাৰণ আৰু দলৰ সেৱাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে। শোকসন্তপ্ত পৰিয়াললৈ মোৰ গভীৰ সমবেদনা। আপোনাৰ আত্মাই শান্তি লাভ কৰক।’

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপি সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে সিঙৰ মৃ্ত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।