কৰ’ণাত আক্ৰান্ত হৈ স্বামীৰ মৃত্যু হ’লে পত্নীয়ে পাব ২.৫০ লাখ টকাঃ মুখ্যমন্ত্ৰী
June 10, 2021আক্ৰান্ত হৈ স্বামীৰ মৃত্যু হ’লে পত্নীয়ে পাব ২ লাখ ৫০ হাজাৰ টকা।
এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্চ বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ আজি এমাহ সম্পূৰ্ণ হ’ল।
যাৰবাবে সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কিছুমান বিশেষ পদক্ষেপৰ কথা সদৰি কৰে।
উল্লেখ্য যে কৰ’ণাৰ ফলত পিতৃ মাতৃক হেৰুওৱা ল’ৰা-ছোৱালীৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি।
ইয়াৰ অধীনত ২৪ বছৰলৈকে আৰ্থিক সাহায্য আগবঢ়াব চৰকাৰে।
মাহিলী ৩৫০০ কৈ দিয়া হ’ব এই পিতৃ-মাতৃহাৰা ল’ৰা-ছোৱালী সকলক।
ঠিক একেদৰে কৰ’ণাৰ ফলত স্বামীক হেৰুওৱা মহিলাৰ বাবেও গ্ৰহণ কৰিছে বিশেষ আঁচনি।
কৰ’ণাৰ বাবে স্বামীক হেৰুওৱা মহিলাক ২ লাখ ৫০ হাজাৰ টকা আগবঢ়াব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে বিধৱা পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ সুবিধাও এই সকল মহিলাই লাভ কৰিব বুলি জনাই শৰ্মাই।
লগতে চাওকঃ