কৰ’ণাৰ বিৰুদ্ধে যুঁজঃ অসম প্ৰদেশ বিজেপিয়ে মুখ্যমন্ত্ৰী সাহায্য নিধিলৈ আগবঢ়ালে ১১ লাখ টকাৰ অনুদান…

May 26, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়ংকৰ ৰূপত মাৰাত্মক কৰ’ণা ভাইৰাছ।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা।

ইতিমধ্যে কৰ’ণাক পৰাভূত কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা।

কৰ’ণাৰ বিৰুদ্ধে ৰাইজৰ পৰা আৰ্থীক সহায় আগবঢ়াবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

মুখ্যমন্ত্ৰী শৰ্মাৰ আহ্বানৰ পিছতে বহুজনে মুখ্যমন্ত্ৰীৰ সাহায্য পূঁজিলৈ আগবঢ়াইছে সহায়ৰ হাত।

মন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ নেতৃত্বত অসম প্ৰদেশ বিজেপিয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে অনুদান।

অসম প্ৰদেশ বিজেপিয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে ১১ লাখ টকাৰ অনুদান।