কৰ’ণাৰ ভয়াৱহ সংক্ৰমণঃ মেঘালয় চৰকাৰে নিষিদ্ধ কৰিলে পৰ্যটকৰ প্ৰৱেশ

April 23, 2021 0 By Biraj Kalita

দেশজুৰি অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলতো প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

কৰ’ণাৰ ভয়াৱহ পৰিস্থিতিক লৈ অধিক সতৰ্ক হৈছে মেঘালয় চৰকাৰ।

মেঘালয় চৰকাৰে নিষিদ্ধ কৰিলে ৰাজ্যখনত পৰ্যটকৰ প্ৰৱেশ।

১৪ দিনৰ বাবে বহিৰাজ্যৰ পৰ্যটকৰ বাবে প্ৰৱেশ নিষিদ্ধ কৰে মেঘালয় চৰকাৰে।

ইতিমধ্যে মেঘালয়ত বন্ধ হৈছে সকলো শিক্ষানুষ্ঠান।

৫০%‌খালী ৰাখিহে হোটেল, ৰেস্তোৰাঁ খোলাৰ অনুমতি দিছে।

উল্লেখ্য যে, মেঘালয়ত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ।