কৰ’ণাৰ ভয়াৱহ সংক্ৰমণ! কেন্দ্ৰীয় কাৰাগাৰৰ ৩০ জন কয়দী ক’ভিড পজিটিভ…
July 9, 2021ৰাজ্যত পুনৰ ভয়াৱহভাৱে বৃদ্ধি হৈছে কৰ’ণাৰ সংক্ৰমণ।
শোণিতপুৰ জিলাত ২৪ ঘণ্টাই সান্ধ্য আইন বলৱৎ থকাৰ মাজতে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত ক’ভিডৰ দ্বাৰা সংক্ৰমিত হৈছে বহু কয়দী।
কেন্দ্ৰীয় কাৰাগাৰখনত ৩৯৯ জন কয়দীৰ ভিতৰত ৩০ জন কয়দীৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ অৱস্থিতি।
ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে কাৰাগৰাৰ সকলো কয়দীৰ ক’ভিড-১৯ পৰীক্ষা সম্পন্ন কৰা হৈছিল আৰু সেই সময়তে ৩০ গৰাকী কয়দী কৰ’ণাত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে।
ইতিমধ্যে আক্ৰান্ত কয়দীকেইজনক আইছ’লেচন কক্ষত ৰখা হৈছে।
পৰিস্থিতি জটিল হ’লে ক’ভিডত আক্ৰান্ত কয়দীকেইজনক তাৎক্ষণিকভাৱে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হ’ব বুলি জানিবলৈ দিছে কাৰাগৰাৰ অধীক্ষক ৰাজু কুমাৰ চৌধুৰীয়ে।
কাৰাগাৰত থকা মুঠ ৩৯৯ জন কয়দীৰ ভিতৰত ৩৭৬ জন পুৰুষ আৰু ২৩ গৰাকী মহিলা।
বৰ্তমান কেন্দ্ৰীয় কাৰাগাৰত মুঠ ৩ টা অক্সিজেন ছিলিণ্ডাৰ আছে ।