কৰ’ণাৰ সংক্ৰমণঃ বন্ধ কৰি দিয়া হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান…

May 4, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

সংক্ৰমণৰ সমান্তৰালৈ প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

কৰ’ণাৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ কৰি দিয়া হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

অনিৰ্দিষ্ট সময়ৰ বাবে পৰ্যটকৰ প্ৰবেশ বন্ধ কৰা হৈছে ৰাষ্ট্ৰীয় উদ্যানখন।

কেন্দ্ৰীয় পৰিবেশ,বন মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ পাছত লোৱা হৈছে এই সিদ্ধান্ত।

উল্লেখযোগ্য যে, বিগত ২১ অক্টোবৰৰ পৰা ক’ভিড সংক্ৰমনৰ মাজতেই পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

যোৱা ৩০ এপ্ৰিলত হাতী ছাফাৰী বন্ধ কৰি দিয়া হৈছিল কাজিৰঙাত।