কৰ’ণাৰ সন্ত্ৰাসঃ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত

April 28, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনক ভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হৈছে গুৰুত্বপূ্ৰ্ণ সিদ্ধান্ত।

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত।

ক’ভিডৰ পৰিস্থিতি সুস্থিৰ হ’লে পুনৰ ঘোষণা কৰা হ’ব পৰীক্ষাৰ দিন।

৪ মেত অনুষ্ঠিত হোৱাৰ কথা আছিল প্ৰথম বৰ্ষৰ পৰীক্ষা।

উল্লেখ্য যে, উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ বাবে কোনো সিদ্ধান্ত এতিয়ালৈ গ্ৰহন কৰা হোৱা নাই।

উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ বাবে ৪-৫ মেত সিদ্ধান্ত ল’ব সংসদে।