কৰ’ণাৰ সন্ত্ৰাসঃ এইবাৰো অম্বুবাচী মেলা বাতিল কৰাৰ সিদ্ধান্ত…

June 4, 2021 0 By Biraj Kalita

ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ সংহাৰ।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা।

কৰ’ণা মহামাৰীৰ বাবে বিগত বৰ্ষৰ দৰে এইবাৰো অনুষ্ঠিত নহয় মা-কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলা।

দেৱালয়ৰ দলৈসকলৰ মাজত অনুষ্ঠিত সভাত অম্বুবাচী মেলা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

কেৱল পূজা আৰু ধৰ্মীয় ৰীতি-নীতিসমুহে পালন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে।

লগতে মেলাত অংশগ্ৰহণ কৰিবলৈ অহা লোকৰ ক্ষেত্ৰত মন্দিৰৰ ফালৰ পৰা কোনো ধৰণৰ থকা আৰু খোৱাৰ ব্যৱস্থা নাথাকিব বুলি সদৰি কৰে।

উল্লেখ্য যে, ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মহোৎসৱ এইবাৰ কেৱল ধৰ্মীয় ৰীতি-নীতিসমুহে পালন কৰা হ’ব।