কৰ’ণাৰ সন্ত্ৰাসঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সকলো পৰীক্ষা স্থগিত

April 27, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

ইতিমধ্যে কৰ’ণাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীত বন্ধ কৰি দিয়া দিয়া হৈছে সকলো চৰকাৰী, বেচৰকাৰী শিক্ষানুষ্ঠান তথা হোষ্টেল।

কৰ’ণাৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্থগিত ৰখা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সকলো পৰীক্ষা।

২৭ এপ্ৰিলৰ পৰা ১১ মে’লৈ বন্ধ থাকিব গুৱাহাটী বিশ্ববিদ্যালয়।

আনহাতে ১১ মে’লৈ বিশ্ববিদ্যালয়খনৰ হোষ্টেলসমূহো বন্ধ ৰখাৰ ঘোষণা।

ইতিমধ্য হোষ্টেলৰ আৱাসীসকলক হোষ্টেল খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে বিভাগীয় কৰ্তৃপক্ষই।

কামৰূপ মেট্ৰ’ত কৰ’ণাত আক্ৰান্তৰ সংখ্যাই এদিনত ১০০০ অতিক্ৰম কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।