কৰ’ণাৰ সন্ত্ৰাসঃ জনতা ভৱনত কৰ্মচাৰীৰ উপস্থিতি ৫০%লৈ হ্ৰাসৰ সিদ্ধান্ত

April 27, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি জনতা ভৱনত কৰ্মচাৰীৰ উপস্থিতি ৫০%লৈ হ্ৰাসৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

অৱৰ সচিৱ পৰ্যায়ৰ পৰা সকলো বিষয়া ১০০% উপস্থিত থাকিব লাগিব।

সচিবালয়ৰ আন বিষয়া-কৰ্মচাৰীৰ উপস্থিতি ৫০%লৈ হ্ৰাসৰ নিৰ্দেশ।

জৰুৰী সেৱাৰ সৈতে জড়িত বিভাগৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব এই নিৰ্দেশনা।

গৰ্ভৱতী মহিলা, ৫ বছৰতকৈ তলৰ বয়সৰ শিশুৰ মাতৃক দিয়া হ’ব ‘ৱৰ্ক ফ্ৰম হোম’ৰ সুবিধা। বিশেষভাৱে সক্ষম কৰ্মচাৰীয়ে ল’ব পাৰিব ‘ৱৰ্ক ফ্ৰম হোম’ৰ সুবিধা।

সচিবালয় চৌহদত গুটখা, ধপাত নিষিদ্ধৰ লগতে থু পেলোৱাও নিষিদ্ধ।

৪৫ বছৰৰ উৰ্ধৰ সকলো কৰ্মচাৰীক কৰ’ণা ভেকচিন লোৱাৰ নিৰ্দেশ।

অত্যন্ত জৰুৰী নহ’লে সকলো ধৰণৰ বৈঠক এৰাই চলাৰ নিৰ্দেশ।

জনতা ভৱনত প্ৰৱেশৰ সময়ত পৰীক্ষা কৰা হ’ব কৰ্মচাৰীৰ স্বাস্থ্য।

৩০ এপ্ৰিললৈ জনতা ভৱনত বাহিৰা লোকৰ প্ৰৱেশতো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখ্য যে বাহিৰা লোকে প্ৰৱেশ কৰিলে লগত নিব লাগিব কোভিড নিগেটিভ ৰিপ’ৰ্ট।