কৰ’ণাৰ সন্ত্ৰাসঃ পৰ্যটকৰ বাবে অনিৰ্দিষ্টকাললৈ বন্ধ কৰা হ’ল বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান…

May 4, 2021 0 By Biraj Kalita

ৰাজ্যজুৰি অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্য পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে কাজিৰঙা আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান।

এইবাৰ পৰ্যটকৰ বাবে অনিৰ্দিষ্টকাললৈ বন্ধ কৰি হ’ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান।

ক’ভিড ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে।

পুনৰ নিৰ্দেশনা নহলৈকে বন্ধ থাকিব উদ্যানখনৰ প্ৰবেশদ্বাৰ।

ক’ভিড প্ৰ’টকল মানি কেৱল বনকৰ্মীসকলে কৰ্তব্যত নিয়োজিত থাকিব পাৰিব।