কৰ’ণাৰ সন্ত্ৰাসঃ পৰ্যটকৰ বাবে অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা ওৰাং ৰাষ্ট্ৰীয় উদ্যান…

May 4, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণা আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

কৰ’ণাৰ ভয়াৱহতাৰ বাবে ইতিমধ্যে পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰিয় উদ্যান।

এইবাৰ ক’ভিডৰ ভয়াৱহতাৰ বাবে বন্ধ কৰি দিয়া হ’ল ওৰাং ৰাষ্ট্ৰিয় উদ্যান।

অনিৰ্দিষ্ট কাললৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পৰ্য্যটকৰ বাবে বন্ধ কৰাৰ বিষয়ে সদৰি কৰে বিভাগীয় কৰ্তৃপক্ষই।

ক’ভিডৰ সংক্ৰমৰ প্ৰতি লক্ষ্য ৰাখি এক নিৰ্দেশ যোগে পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যান খন বন্ধ কৰা বুলি জানিবলৈ দিয়ে বিভাগে।