কৰ’ণাৰ সন্ত্ৰাসঃ শীঘ্ৰেই ৰাজ্যত আন্তঃজিলা যাতায়ত বন্ধ হোৱাৰ সম্ভাৱনা…

May 17, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত শীঘ্ৰেই আন্তঃজিলা যাতায়াত বন্ধ হোৱাৰ সম্ভাৱনা আছে।

সোমবাৰে অৰ্থাৎ আজি আনুষ্ঠানিকভাৱে ঘোষণা হব পাৰে এই বন্ধৰ বিষয়ে।

এই ইংগিত প্ৰদান কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।

দেওবাৰে মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত কয়- ‘ক’ভিড সংক্ৰমণ ৰোধ কৰিবৰ বাবে কেতবোৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰয়োজন হ’লে অতি সোনকালে কিছু দিনৰ কাৰণে আন্তঃজিলা যাতায়ত বা যোগাযোগ বন্ধ হ’ব। কাইলৈৰ ভিতৰত এই নীতি-নিয়মসমূহ ঘোষণা কৰা হ’ব।‘