কৰ’ণাৰ সন্ত্ৰাসঃ শ্বিলঙৰ চহৰাঞ্চলৰ লগতে জোৱাই আৰু তুৰাত লকডাউন ঘোষণা…

April 28, 2021 0 By Biraj Kalita

দেশজুৰি অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনক ভাৱে বৃদ্ধি হৈছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

অসমৰ লগতে উত্তৰ পূবৰ ৰাজ্য সমূহতো ধাৰাবাহিকভাৱে বৃদ্ধি হৈছে কৰ’ণাৰ সংক্ৰমণ।

কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াভাৱে মেঘালয় চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

শ্বিলঙৰ চহৰাঞ্চলৰ লগতে জোৱাই আৰু তুৰাত লকডাউন ঘোষণা কৰা হৈছে।

১ মে’ৰ পুৱা ৫বজাৰ পৰা ১০মে পুৱ ৫বজালৈ প্ৰযোজ্য হ’ব লকডাউন।

বুধবাৰে মেঘালয়ৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হোৱাৰ পিছতে টুইটাৰযোগে এই ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী কনৰাড চাংমাই।