কৰ’ণাৰ সন্ত্ৰাসঃ স্নাতকৰ পৰীক্ষা স্থগিত ৰাখিলে কটন বিশ্ববিদ্যালয়ে

April 26, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

ক’ভিদ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কটন বিশ্ববিদ্যালয়ৰ চলিত স্নাতক লিবাৰেল আৰ্টকে ধৰি স্নাতকৰ প্ৰথম ষান্মাষিকৰ পৰীক্ষা আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ স্থগিত ৰখা হৈছে।

পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈ পৰীক্ষা অনুষ্ঠিত নহ’ব বুলি এক বিবৃতিযোগে বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে জানিবলৈ দিয়ে।

আনহাতে, পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ অহাৰ পিছত পৰৱৰ্তী পৰীক্ষাসূচীৰ বিষয়ে জাননীযোগে অৱগত কৰোৱা হ’ব বুলি উল্লেখ কৰে বিবৃতিটোত।