কৰ’ণাৰ সন্ত্ৰাসঃ ৪ মাহৰ বাবে স্থগিত ২০২১ বৰ্ষৰ NEET-PG পৰীক্ষা…

May 3, 2021 0 By Biraj Kalita

৪ মাহৰ বাবে স্থগিত ২০২১ বৰ্ষৰ NEET-PG পৰীক্ষা।

২০২১ বৰ্ষৰ NEET-PG পৰীক্ষা কমেও চাৰি মাহৰ বাবে স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

প্রধানমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে, এমবিবিএছ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক কোভিড-১৯ লক্ষণ দেখা দিয়া ৰোগীসকলৰ চোৱাচিতাৰ বাবে নিয়োজিত কৰা হ’ব।

আনহাতে বি.এছচি (নাৰ্ছিং)জিএনএম পাছ কৰা নাৰ্ছসকলে অভিজ্ঞ চিকিৎসকসকলৰ নেতৃত্বত নিজৰ কৰ্তব্য পালনৰ বাবে কৰা হ’ব নিয়োজিত।

লগতে মেডিকেল কৰ্মচাৰী যিসকলে ১০০ দিন কোভিড-১৯ৰ ডিউটী কৰিছে তেওঁলোকক নিয়মীয়া চৰকাৰী নিয়োগৰ ক্ষেত্ৰত প্ৰাথমিকতা দিয়া হ’ব বুলি প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা কোৱা হৈছে।

উল্লেখ্য যে, ২০২১ বৰ্ষৰ ১ আগষ্টত এই পৰীক্ষা অনুষ্ঠিত হ’ব লগা আছিল।