কৰ’ণাৰ সন্ত্ৰাসঃ ৭ মে’লৈকে ৰাজ্যত বৃদ্ধি নৈশ সান্ধ্য আইনৰ সময়সীমা…

May 1, 2021 0 By Biraj Kalita

ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ সন্ত্ৰাস।

কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত নৈশ সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি।

বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে বৃদ্ধি কৰা হ’ল নৈশ সান্ধ্য আইনৰ সময়সীমা।

৭ মে’লৈকে জাৰি থাকিব অসমত নৈশ সান্ধ্য আইন।

সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৫ বজালৈ জাৰি থাকিব এই আইন।

ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক।

বিবাহ ভৱনত ৫০ শতাংশ লোকহে উপস্থিত থাকিব পাৰিব।

ব্যক্তিগত কোনো অনুষ্ঠানত ১০০জনতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব।

অন্ত্যেষ্টিক্ৰিয়া বা শেষকৃত সম্পন্ন কৰিবলৈ ২০জন লোকহে উপস্থিত থাকিব পাৰিব।

মন্দিৰ বা মছজিদত প্ৰতি ঘন্টাত ২০জন লোকহে উপস্থিত থাকিব পাৰিব।

ফাৰ্মাচী, ভেটেনাৰী ক্লিনিক আদিৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব।

সকলো বজাৰ সমাৰ, ছুপাৰ মাৰ্কেট, মল সাপ্তাহিক বজাৰ আদি সন্ধিয়া ৬ বজাত বন্ধ কৰিব লাগিব।

সন্ধিয়া ৬ বজালৈকেহে ই-কমাৰ্চ সেৱা চলি থাকিব।

অৱশ্যে এই নিয়ম নিৰ্বাচনী কাৰ্য, ইমাৰ্জেন্সী ছাৰ্ভিচৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।

গৰ্ভৱতী মহিলা বা ৫ বছৰৰ তলৰ সন্তান থকা মহিলাসকলে ৱৰ্ক ফ’ৰ্ম হোম কৰিব পাৰিব।