কৰ’ণাৰ সন্ত্ৰাস, নাগালেণ্ডত অষ্টম শ্ৰেণীলৈকে সকলো বিদ্যালয়ৰ পাঠদান বন্ধ ঘোষণা…

April 20, 2021 0 By Biraj Kalita

দেশজুৰি অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহতো কৰ’ণাই চলাইছে সন্ত্ৰাস।

কৰ’ণাৰ ভয়াৱহতাৰ পৰিপ্ৰেক্ষিতত নাগালেণ্ড চৰকাৰে কাইলৈৰ পৰা বলৱৎ হোৱাকৈ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ৰাজ্যখনৰ সকলো বিদ্যালয় বন্ধৰ নিৰ্দেশ জাৰি কৰিছে।

নাগালেণ্ডৰ মুখ্য সচিব জে আলমে ক’ভিড ৰোগীৰ বৃদ্ধি আৰু জনস্বাস্থ্য প্ৰতি লক্ষ্য ৰাখি দুৰ্যোগ ব্যৱস্থাপনা ২০০৫ আইনৰ অধীনত এই নতুন নিৰ্দেশ প্ৰদান কৰে।

অৱশ্যে ৰাজ্যখনত ক’ভিডৰ সকলো বিধি মানি নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান অব্যাহত থাকিব।